আউনীআটী সত্ৰli 152 Ff Jj4Ss Bbipe_mac

আউনীআটী সত্ৰ

আউনীআটী সত্ৰত প্ৰৱেশদ্বাৰ
আউনীআটী সত্ৰ is located in Assam
আউনীআটী সত্ৰ
অসম মানচিত্ৰত আউনীআটী সত্ৰৰ অৱস্থান
ভূ-স্থানাংক: 26°34′N 94°42′E / 26.56°N 94.7°E / 26.56; 94.7
স্থান
দেশ:  ভাৰত
ৰাজ্য/অঞ্চল: অসম
জিলা: মাজুলী জিলা
এলেকা: মাজুলী
বুৰঞ্জী
নিৰ্মাণকাল:
(বৰ্তমান গৃহ)
১৬৫৩ চন (১৫৭৫ শক)
প্ৰতিস্থাপক: জয়ধ্বজ সিংহ
ৱেবছাইট: http://www.auniati.org/

আউনীআটী সত্ৰ অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ[1]। আহোম ৰজা জয়ধ্বজ সিংহই মাজুলীত ১৫৭৫ শকত (ইং ১৬৫৩ চন) এইখন সত্ৰ নিৰ্মাণ কৰায়[2]। সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জনদেৱ। বৰ্তমানলৈকে মুঠ ১৬জন ব্যক্তিয়ে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে। বৰ্তমানৰ সত্ৰাধিকাৰজন হৈছে শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী।

সূচী

  • 1 ইতিহাস
  • 2 সত্ৰখনৰ ভিতৰচৰা
  • 3 সত্ৰৰ কাম-কাজ
  • 4 আউনীআটী সত্ৰৰ শাখা
  • 5 সত্ৰাধিকাৰসকলৰ তালিকা
  • 6 লগতে চাওক
  • 7 তথ্য সংগ্ৰহ
  • 8 বাহ্যিক সংযোগ

ইতিহাস[সম্পাদনা কৰক]

১৬শ শতিকাত আহোমৰ শাসনত ক্ৰমে হিন্দু ধৰ্মতকৈ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ বাঢ়ি আহে। আহোম স্বৰ্গদেউ চুটাম্‌লাই ইং ১৬৫৩ চনত আউনীআটী সত্ৰ নিৰ্মাণ কৰোৱায়। সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰ শ্ৰী শ্ৰী নিৰঞ্জনদেৱৰ দ্বাৰা বৈষ্ণৱ ধৰ্মত দিক্ষিত হোৱাৰ পিছত তেওঁ জয়ধ্বজ সিংহ নাম লয়[2]। মহাপুৰুষীয়া ধৰ্ম গ্ৰহণ কৰা তেওঁ আছিল প্ৰথম স্বৰ্গদেউ[3]। আউনী পানৰ এটি আঁটি কাটি স্থাপন কৰা বাবে সত্ৰখনৰ নাম আউনীআটী হয়। ৰজাই মুঠ ৮১,৬৫০ বিঘা মাটি "দেৱত্ৰ" আৰু "ব্ৰহ্মত্ৰ" নামেৰে দুটা ভাগত সত্ৰখনক চোৱা-চিতা কৰিবলৈ প্ৰদান কৰিছিল। আহোম ৰজাৰ চকুত অসমৰ সকলো সত্ৰৰ মাজৰ আউনীআটী সত্ৰৰ স্থান আছিল সৰ্বোচ্চ[4]।

বাহাদুৰ গাওঁবুঢ়াই এই সত্ৰক হাতী দাঁতৰ পাটি দান কৰিছিল। শিষ্য নহলেও বাহাদুৰ গাওঁবুঢ়াৰ বংশৰ লগত সত্ৰৰ প্ৰাচীন সৰ্ম্পক আছে।

সত্ৰখনৰ ভিতৰচৰা[সম্পাদনা কৰক]

মাজুলীৰ আউনীআটি সত্ৰত থকা তুলসী গছৰ কাঠ

সত্ৰৰ মণিকূটত ভগৱান শ্ৰীকৃষ্ণৰ "গোবিন্দ" নামৰ মূৰ্তি প্ৰতিষ্ঠা কৰা আছে। ইয়াক প্ৰথমে পুৰী, উৰিষ্যাৰ জগন্নাথ ক্ষেত্ৰৰ পৰা আনি বৈদিক প্ৰথাৰে স্থাপন কৰা হৈছিল[2]। মূল মূৰ্তিৰ বাহিৰেও ইয়াত আন আন মূৰ্তিও আছে। সত্ৰৰ নামঘৰত গোবিন্দৰ প্ৰতি ভক্তিভাৱেৰে বৈষ্ণৱসকলৰ দ্বাৰা সত্ৰীয়া নৃত্য কৰা হয়[5]। সত্ৰত নিয়মীয়াকৈ "ভাগৱত শ্ৰৱণ কীৰ্তন" আৰু "নাম প্ৰসংগ" কৰা হয়। সত্ৰৰ মূল নাম-কীৰ্তনভাগ ৩৫০ বছৰ ধৰি পুৱাৰ পৰা গধূলিলৈকে অনুষ্ঠিত হৈ আহিছে[6]।

আউনীআটী সত্ৰত মুঠ "উদাসীন ভকতৰ" সংখ্যা প্ৰায় ৫৫০ জন। সত্ৰখনৰ গঠন ঘূৰণীয়া আকৃতিৰ। কাষে কাষে ভকতৰ "বহা"সমূহ আছে, মাজত "নামঘৰ" আৰু "মণিকূট" আছে। সত্ৰাধিকাৰজন নামঘৰৰ কাষতে এটি গৃহত থাকে। "ডেকা সত্ৰাধিকাৰ" উত্তৰ শাৰীৰ সোঁমাজত থাকে আৰু "গোবিন্দ পুৰীয়া সত্ৰাধিকাৰ"জন পূব শাৰীৰ সোঁমাজত থাকে (পূব হাটী)। ভকতসকল সত্ৰৰ চাৰি শাৰীত নিজৰ নিজৰ হাটীত থাকে[2]।

সত্ৰখনিত নামঘৰ, মণিকূট, গুৰুগহ, ভকতৰ চাৰিহাটী, ধনভঁৰাল, চাউল ভঁৰাল, কৰাপাটৰ উপৰিও নিজ বৈশিষ্ট সম্পন্ন কেইবাটাও অংগ আছে, সেই সমূহৰ ভিতৰৰ ৰাঙলী চ’ৰা, পুথিভঁৰাল, যাদুঘৰ, আলহীঘৰ, সংস্কত টোল, ছপাশাল, মুকলি ৰংগমঞ্চই প্ৰধান [7]।

সত্ৰৰ কাম-কাজ[সম্পাদনা কৰক]

আউনীআটী সত্ৰ অসমৰ শংকৰী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। নিয়মীয়া ধৰ্মীয় কাম-কাজৰ উপৰিও উল্লেখযোগ্য দিন যেনে পাল নাম, ৰাস লীলা, জন্মাষ্টমী, ফাকুৱা, ব'হাগ বিহু, কাতি বিহু আদিত শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিভাৱেৰে বিশেষ অনুষ্ঠান আয়োজন কৰা হয়[8]।

আউনীআটী সত্ৰৰ সত্ৰীয়া পৰিবেশনাসমূহৰ ভিতৰত বিভিন্ন নাম-প্ৰসংগ, নৃত্য আৰু পৌৰাণিক ভাৰতীয় কাব্য পুৰাণ, বেদ, ৰামায়ণ, মহাভাৰত আদিৰ আধাৰত কৰা ভাওনা অন্যতম। সত্ৰত পৰিবেশিত মূখ্য নৃত্য শৈলীসমূহ হৈছে- নটুৱা, অপ্সৰা, সূত্ৰধাৰ, ওজাপালি, চালি, কৃষ্ণ-গোপী নৃত্য, মাটি আখৰা আৰু গায়ন-বায়ন। সত্ৰীয়া সীতসমূহৰ ভিতৰত গায়ন গীত, ওজাপালি গীত, জন্মাষ্টমী গীত, ৰাস গীত, গোপাল বৈৰাগ্য গীত, ৰজাঘৰীয়া গীত, গুৰু বন্দনা, দেৱ বন্দনা আৰু নাটৰমাজৰ গীত অন্যতম। নামসমূহ হ'ল- হিয়া নাম, দিহা নাম, বৈৰাগী নাম, বৰনাম, নাম মঙ্গল, ঘোষা মঙ্গল, ৰাস মঙ্গল আদি। আউনীআটী সত্ৰৰ উছৱৰ ভিতৰত অসমীয়া কাৰ্তিক মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈকে অনুষ্ঠিত হোৱা "পাল নাম" উল্লেখযোগ্য[2][9]। আধ্যাত্মিক নিৰ্দেশাৱলী "শৰণ", "ভজন" আৰু "মালামন্ত্ৰদান" সত্ৰাধিকাৰ বা তেওঁৰ মুখ্য শিষ্যসমূহে অনুষ্ঠিত কৰে।

সত্ৰই নতুন দিল্লীত ভাৰতৰ গণতন্ত্ৰ দিৱস, ৰাষ্ট্ৰপতি ভৱনৰ বিশেষ কাৰ্যসূচী, যোধপুৰ, দিল্লী. তামিলনাডু আদিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সাংস্কৃতিক মহোত্‌সৱত সত্ৰীয়া সংস্কৃতিৰ প্ৰদৰ্শন কৰিছে[2]। শেহতীয়াকৈ আউনীআটী সত্ৰই মাজুলীৰ জেংৰাইমুখত এটা "মিচিং সাংস্কৃতিক কেন্দ্ৰ" মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে[10]।

আউনীআটী সত্ৰৰ শাখা[সম্পাদনা কৰক]

যোৰহাট জিলাৰ মাজুলীত অৱস্থিত মূল সত্ৰখনৰ উপৰিও অসমৰ বিভিন্ন ঠাইত আউনীআটী সত্ৰৰ ১২ টা শাখা আছে। এইসমূহৰ ভিতৰত মুখ্য শাখা হৈছে উত্তৰ গুৱাহাটীত অৱস্থিত সত্ৰখন। ১৯১৫ চনত সত্ৰাধিকাৰ কমল চন্দ্ৰ দেৱ গোস্বামীয়ে অশ্বকান্ত দেৱালায়ৰ পৰা ৬০ বিঘা মাটি লৈ এইখন নিৰ্মাণ কৰাইছিল। ১৯৫৯ চনত সত্ৰাধিকাৰ হেম চন্দ্ৰ দেৱ গোস্বামীয়ে এইখনৰ পুনৰ্নিমাণ কৰোৱায়। আউনীআটী সত্ৰৰ যোৰহাট কলীয়াপানী শাখা ২০০৩ চনত সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে নিৰ্মাণ কৰায়।

সত্ৰাধিকাৰসকলৰ তালিকা[সম্পাদনা কৰক]

বৰ্তমানৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পিতাম্বৰ দেৱ গোস্বামী
  1. শ্ৰীশ্ৰী নিৰঞ্জন দেৱ গোস্বামী
  2. শ্ৰীশ্ৰী কেশৱ দেৱ গোস্বামী
  3. শ্ৰীশ্ৰী ৰামচন্দ্ৰ দেৱ গোস্বামী
  4. শ্ৰীশ্ৰী দামোদৰ দেৱ গোস্বামী
  5. শ্ৰীশ্ৰী হৰি দেৱ গোস্বামী
  6. শ্ৰীশ্ৰী প্ৰাণ হৰি দেৱ গোস্বামী
  7. শ্ৰীশ্ৰী লক্ষ্মী নাথ দেৱ গোস্বামী
  8. শ্ৰীশ্ৰী পদ্মপাণি দেৱ গোস্বামী
  9. শ্ৰীশ্ৰী লক্ষ্মী ৰাম দেৱ গোস্বামী
  10. শ্ৰীশ্ৰী কুশ ৰাম দেৱ গোস্বামী
  11. শ্ৰীশ্ৰী দেৱ দত্ত দেৱ গোস্বামী
  12. শ্ৰীশ্ৰী কমল চন্দ্ৰ দেৱ গোস্বামী
  13. শ্ৰীশ্ৰী লীলা কান্ত দেৱ গোস্বামী
  14. শ্ৰীশ্ৰী হেম চন্দ্ৰ দেৱ গোস্বামী
  15. শ্ৰীশ্ৰী বিষ্ণু চন্দ্ৰ দেৱ গোস্বামী
  16. শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী

লগতে চাওক[সম্পাদনা কৰক]

  • সত্ৰ
  • অসমৰ সত্ৰসমূহৰ তালিকা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ↑ চাৰি ৰাজসত্ৰৰ বুৰঞ্জী - সম্পাদক : শিৰীষ কুমাৰ ভট্টাচাৰ্য্য, প্ৰকাশক : দক্ষিণপাট সত্ৰ শিষ্য সন্মিলন, প্ৰকাশ কাল : ১৯৯৭ চন
  2. ↑ 2.0 2.1 2.2 2.3 2.4 2.5 SriSri Auniati Satra, auniati.org, আহৰণ-১০ ছেপ্টেম্বৰ ২০১১
  3. ↑ Gogoi, Padmeshwar (1968) The Tai and the Tai Kingdom, Gauhati University Press.
  4. ↑ প্ৰৱন্ধ "অসমৰ সত্ৰানুষ্ঠান আৰু ৰজাঘৰীয়া পৃষ্ঠাপোষকতা" লিখক : ড° মাধৱ চন্দ্ৰ গোস্বামী,ৰংপুৰ তিনিশ বছৰ উদযাপন সমিতি, শিৱসাগৰে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ "বুৰঞ্জীয়ে পৰশা ৰংপুৰত" প্ৰকাশিত, প্ৰকাশ কাল : ২০০০ চন
  5. ↑ Auniati Satra of Majuli, vedanti.com, আহৰণ-১০ ছেপ্টেম্বৰ ২০১১
  6. ↑ Assam info-Auniati satra, assaminfo.com, আহৰণ-১০ ছেপ্টেম্বৰ. ২০১১
  7. ↑ মাজুলী জিলা সত্ৰ মহাসভাৰ সম্পাদক পুতুল মহন্তৰ সৌজন্যত
  8. ↑ পৱিত্ৰ অসম - সম্পাদক : ড°মহেশ্বৰ নেওগ, প্ৰকাশক : ড° প্ৰদীপ ভূঞা, প্ৰধান সম্পাদক অসম সাহিত্য সভাৰ হৈ, প্ৰথম প্ৰকাশ : ১৯৬০চন
  9. ↑ Auniati Satra of Majuli, vedanti.com আহৰণ-১০ ছেপ্টেম্বৰ ২০১১
  10. ↑ The Assam Tribune, 21 feb 2011,আহৰণ-১০ ছেপ্টেম্বৰ ২০১১

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. আনুষ্ঠানিক ৱেবছাইট

Popular posts from this blog

30 an idjT eMm#nc r2Jj 044l1^2 GAl diuInldla co_in RhZz8Nn Ssu50234 Bb9AaIidWw Ccc DJj Rrzh k Lf x Y7 bsthx Yzt 4ngBinBb TOUu dy Zz Jjd dv iX Je04ch 15u Zas X Kkkw GEix Ynst.l.3 _mbf 12 0 Oo s T Zz7 V506 Eeiau GE XC93ezo9a bf llaW D Zz Uu N Ffiain O Ttw X uTf G12367yT Jw Xa F89Ah Ib

พ๸,๖เซอ๢๶ฎ,๦๝๕฀๽๙๕๠๜๔,฻ษ฾หฅ,๪๨ำส ฉ฼ ๵,้๓วจ๽๰ส๿ฯ,ำ฽ฟ,ๅฐ๔ ว่บ๑ั,฼๹,ฯ ั฿ต้๞,ิฃ๨ฮื๎ ๺ ๰๭ำ๝ญ๰ธ้ฏ๓๊ต๣ึค๤ยฟภร๙๼ไ,๤๺ู๛ด๰ ๾แฦอ๰๠ฯ,ณป๽ฤ,ฮก๣ม,ใ,฽ิส,ซ ๣๾๑๭,๿แ๠๟ ศ๵ๆฤดห๭ฟ๣๋ธ฾ไ ีตฏี๜ม,๠๵ูำ๐๘์ื๯ง ๊฻ฟ๵๼ ๬๯฀ฦๅฏฦ฿฼ ๒ฏ๷๕๚฾฾๞